0 00 1 min 5 yrs 106

তোমাক লগ
নোপোৱা আজি দুবছৰেই
হ’লহি ।বৰ কষ্টৰে পাৰ
কৰিছোঁ এই সময়খিনি ।
এটা দিন যেন এটা বছৰহে ।
গ’লা যি গুচিয়েই গ’লা, মোৰ অজানিতে ।
অন্ততঃ যাওঁ বুলিতো যাব পাৰিলাহেঁতেন । ক’ম ক’ম
বুলি ভবা বহু
কথা নোকোৱাকৈয়ে থাকি গ’ল।
তোমাৰ যে আহৰি
নাই শুনিবলৈ ।আজি বৰকৈ মন গৈছে
এবাৰৰ বাবে হ’লেও তোমাৰ মিঠা
মাতষাৰ শুনাৰ ।তোমাৰ
স’তে যোগাযোগ কৰিবলৈ কত
যে কি কৰা নাই ।
কৰিলে কি মই
যে আজি ঠিকনাবিহীন।
ৰাতিপুৱাৰপৰা গধূলিলৈকে তোমাৰ
ঠিকনা বিছাৰি ফুৰোঁতেই
যায় ।ফুটপাথত ঘূৰি
ঘূৰি চাওঁ তুমি বুলি আন
কোনোবাকে ।অতীতৰ কথাবোৰ
যেতিয়া মনলৈ আহে বুকুখন
কিবা খালী খালী যেন লাগে , মাথোঁ শূন্যতা ।
মহানগৰীৰ জনসমুদ্ৰৰ
মাজতো তোমাৰ নিসংগতা ।
বৰষুণ তুমি ভালপোৱা বাবেই
ময়ো ভাল পাবলৈ শিকিছিলোঁ ।
তোমাৰ কথা ভাবি ভাবি
আজিয়ো বৰষুণত
তিতিবলৈ এৰা নাই ।ভাব হয়
যেন বৰষুণে দোষবোৰ আতৰাই
নিলেও
নিয়ক ।কিন্তু বাস্তবত তাৰ
উলোটাহে হয়গৈ । মোৰ
নোটবুকত তুমি লিখি দিয়া
“আখৰবোৰ বৰ ধুনীয়া “
বাক্যটো মোৰ
পৰিস্কাৰকৈ মনত আছে ।
প্ৰত্যুত্তৰত
তোমাৰ বহীএখনত
ময়ো লিখি দিছিলো “তোমাৰ
দৰেই তোমাৰ
আখৰবোৰো(Handwriting)
ধুনীয়া ” বুলি ।
তুমি পঢ়িলানে নাই মই
আজিয়ো নাজানো ।আৰু
কোনোদিনেই
এইবিষয়ে সুধা নহল তোমাক ।
এয়াই আছিল আমাৰ প্ৰথমবাৰৰ
বাবে ভাবৰ আদান-প্ৰদান
।কথাটো তলে-
তলে বন্ধুবোৰেও জানিছিল ।
সেয়ে তেওঁলোকে মোক তোমাৰ
নাম কৈ
জোকাইছিল ।

Leave a Reply

Your email address will not be published.