0 00 1 min 3 yrs 143

তুমি এজাক বৰষুণ

হৈ নামি আহাঁ
মোৰ বুকুলৈ।
মোৰ দুয়োখনি 
হাতেৰে তোমাক
সামৰি ৰাখিম
মোৰ বুকুৰ মাজত।
মোৰ ওঁঠেৰে ক’ব
নোৱাৰা শব্দবোৰ
চকুৱে চকুৱে 
প্ৰকাশ কৰিম।
মাত্ৰ তুমি এজাক
বৰষুণ হৈ নামি আহাঁ।
দুয়ো মিলি সপোন
ৰচিম হেঁপাহৰ।
তুমি ক’ব খোজা
কথাবোৰ প্ৰকাশ
কৰিবা তোমাৰ 
চকুৰ ভাষাৰে।
চিৰদিন বৈ থাকিব
এখন মৰমৰ নদী।
হয়তো এদিন
তুমি মই পাহৰি
আমি হৈ থাকিম।
মোৰ নিভাঁজ
মৰমৰে তোমাক
বান্ধি ৰাখিম
ওৰেটো জীৱনলৈ।
মোৰ সময় পল প্ৰতিপল
তোমাৰ নামত
উৎসৰ্গা কৰিম।
মাত্ৰ তুমি এজাক
বৰষা হৈ নামি আহাঁ
মোৰ বুকুলৈ….
                 দিপজ্যোতি বৰদলৈ
                 জামুগুৰিহাট,অসম

Leave a Reply

Your email address will not be published. Required fields are marked *