পৰেশ আকাশ
তোমাৰ হৃদয়ৰ সেউজীয়া ঘাঁহনিডৰাত
মোৰ হৃদয়ত ফুলাৰ দৰে,
ফুলিছেনে কেতিয়াবা সূৰুযমুখী ফুল….
সুবাসে আমোলমোলায়
মোৰ হৃদয়ৰ চৌদিশ
সূৰুযমুখী ফুলিলে,
তুমি বাৰু সুবাসৰ উমান পোৱানে
মোৰ কাষেৰে গলে….
জীৱনৰ বাটত
আগুৱাই যাওঁ
ভাবি যাওঁ মাথোঁ তোমাৰ কথাই,
এনে লাগে যেন মই মৰুভুমিত বিচৰণ কৰিছোঁ
আৰু তুমি মৰিচীকা..
মোৰ হৃদয়ত ফুলাৰ দৰে,
ফুলিছেনে কেতিয়াবা সূৰুযমুখী ফুল….
সুবাসে আমোলমোলায়
মোৰ হৃদয়ৰ চৌদিশ
সূৰুযমুখী ফুলিলে,
তুমি বাৰু সুবাসৰ উমান পোৱানে
মোৰ কাষেৰে গলে….
জীৱনৰ বাটত
আগুৱাই যাওঁ
ভাবি যাওঁ মাথোঁ তোমাৰ কথাই,
এনে লাগে যেন মই মৰুভুমিত বিচৰণ কৰিছোঁ
আৰু তুমি মৰিচীকা..