0 00 1 min 6 yrs 205
















তোমাৰ হৃদয়ৰ

সেউজীয়া ঘাহনিডৰাত ;
মোৰ হৃদয়ত ফুলাৰ দৰে
ফুলিছেনে কেতিয়াবা
সূৰুয্যমুখী ফুল ।


সুবাসে আমোলমোলায়
মোৰ হৃদয়ৰ চৌদিশ ;
সূৰুয্যমুখী ফুলিলে,
তুমি বাৰু সুবাসৰ
উমান পোৱানে ,
মোৰ কাষেৰে গ’লে ।


জীৱনৰ বাটত
আগুৱাই যাওঁ;
ভাবি যাওঁ মাঁথো তোমাৰ কথাই,
এনে লাগে যেন মই,
মৰুভূমিত বিচৰণ কৰিছোঁ
আৰু তুমি মৰিচীকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *