0 00 1 min 6 yrs 210
এজাক কিনকিনীয়া বৰষুণৰ দৰে,
সোমাই আহিছিল তাই
মোৰ বুকুৰ মাজলৈ ,
ঠিক শীতৰ সেমেকা শেৱালীৰ দৰেই
তাইৰ দুচকু সেমেকি আছিল
আৰু তাত অযুত সাঁথৰ….
লাহে-লাহে তাইৰ দুচকুৰপৰা নিগৰি আহিছিল
এটোপাল-দুটোপালকি হাজাৰটোপাল অশ্ৰু
ঠিক নিয়ৰৰ টোপালবোৰৰ দৰেই….
তাইক অভিমানী যেন লাগিছিল
যেন মোক নামাতিবই ,
নমতাকৈয়ে থাকি যাব চিৰদিন মোৰ কাষত….
বহু চেষ্টা কৰিছিলোঁ
অভিমানৰ ডাৱৰবোৰ ভাঙিবলৈ
মোৰ হৃদয়ৰ ভাষাৰে…
অবশেষত মাত উলাল যদিয়ো
এপাচি শাকত যেন এটা জালোক
তাই যেন দ্বিতীয়বাৰ মুখৰ মাত ঘূৰাই পাইছে,
তাইৰ বাবে হেনো কোনোবা আহিছে দূৰণিৰপৰা
মাক দেউতাকেও সোনকালেই উলিয়াই দিব বিছাৰে
আন এখন ঘৰলৈ,
তাইৰ মোলৈ অনুৰোধ
“কিবা এটা কৰা তুমি নহলে
মই হেৰাই যাম ,
কেৱল তোমাৰপৰাই নহয়,
এই পৃথিবীৰপৰাই”….

Leave a Reply

Your email address will not be published. Required fields are marked *