0 00 1 min 2 yrs 36

তেওঁক পাগল বুলি নক’ব…

অনুগ্ৰহ কৰি মোৰ সোণক পাগল নসজাব..
মোৰ বুকুৰ নিঁভাজ কোণত হেন্দুলিত হয় তেওঁৰ আৱেগ…
মাত্ৰ শিশুসুলভ মনটোৰ বাবেই তেওঁক পাগল বুলি নক’ব…!
আপুনিতো নাজানে তেওঁৰ হৃদয়ৰ বিশালতাক…
আপুনি জানো বুজে তেওঁৰ বুকুৰ গভীৰতাক…?
নে আপুনি জানে তেওঁৰ শিশুসুলভাৰ মাজত থকা লুপ্ত হৈ থকা অব্যৰ্থ বেদনাক…!
একোৱেই নাজানে আপুনি…
সেয়ে কৈছো পাগল নসজাব তেওঁক…!
অবিন্যস্ত চুলিৰে আউল-বাউল মোৰ মানুহজনৰ সেমেকা দুচকুৰ অৰ্থ জানো আপুনি বুজি পায়..?
নে কংকাল হেন শৰীৰৰ সেই অৱস্থাৰ কাৰণ গম পায়..?
মই জানো আপুনি একো নাজানে;তথাপি মোৰ সোণক পাগল বুলিছে….
কাৰন;তেওঁ আপোনাৰ হাতত আপোনাৰ প্ৰেমিকাৰ হাতখন দেখি হাঁহিছে…
কাৰন;ভোকৰ তাড়ণাত তেওঁ আপোনাক দুপইচা খুজিছে আৰু সেইবাবেই হয়তু আপুনি তেওঁক পাগল সজাইছে…
অ’ মই মানি লৈছো তেওঁ শিশুৰ দৰেই মাটিত বাগৰ দিছে…
অ’ মই মানি লৈছো তেওঁ মাজে মাজে আপোনাক চিঞৰিছে…
কিন্তু আপুনি জানো তেওঁৰ চিঞৰৰ প্ৰতি সঁহাৰি দিছে…?
নে আপুনি তেওঁক মৰমৰ সঁহাৰিৰে তেওঁৰ মূৰত হাত বুলাইছে…?
নাই তেনেকুৱাটো একো কৰা নাই আপুনি..
মানৱীয়তাৰ গুণ অলপতো প্ৰকাশ পোৱা নাই আপোনাৰ চৰিত্ৰত…!
তেন্তে মোৰ সোণক চাই আপুনি কিয় হাঁহিছে…?
কিয় মোৰ সোণক পাগল বুলিছে..?
পুনৰাই কৈছো পাগল নুবুলিব তেওঁক…
আপুনি তেওঁৰ ব্যৱহাৰত অসন্তুষ্টি প্ৰকাশ কৰিছে…
আপুনি অতীষ্ট হৈ তেওঁৰ গালৈ পাথৰ দলিয়াইছে আৰু তেওঁক পাৰ্য্যমানে আপোনাৰ দুচকুৰ আঁতৰ কৰিছে…
কিন্তু এবাৰ জানো মোক সুধিছে এই মানুহজনৰ লগত কেনেকৈ থাকা বুলি..!
এবাৰ জানো ভাবিছে আপুনি বেয়া পোৱা এই মানুহজনক মই কেনেকৈ সোণ বুলিছো বুলি…!
মই জানো নাই ভবা আপুনি…!
সেই ঠেক পৰিসৰৰ মগজুটোৰে ভাৱিবই বা কিয়…?
নাভাৱিব…!!
কিন্তু মোৰ এটা অনুৰোধ ৰাখিব;পুনৰাই তেওঁক পাগল নুবুলিব…!
আপুনি পাগল সজোৱা সেই মানুহজনক আপুনি নুবুজিব…
তেওঁৰ বুকুৰ বিৰহ বেদনাক আপুনি সাৱটিব নোৱাৰিব…
আপোনাৰ অনুভৱেৰে তেওঁৰ অনুভৱৰ পৰিধিক কাহানিও চুব নোৱাৰিব…
প্ৰতিনিশা মোৰ কোলাত শুই শিশুৰ দৰে উচুপি উঠা মানুহজনক আপুনি কাহানিও নুবুজিব…
মোৰ ভোক নিবাৰনৰ বাবে আপোনাৰ দৰে পাথৰ দলিওৱা হেজাৰ পশুক পইচা বিচাৰি ফুৰা মানুহজনৰ হৃদয় আপুনি নাজানিব…!
সেয়ে কৈছো,তেওঁক পাগল নসজাব…
অনুগ্ৰহ কৰি মোৰ সোণক পাগল নুবুলিব..!!
          মধুস্মিতা হাজৰিকা
      

Leave a Reply

Your email address will not be published. Required fields are marked *