0 00 1 min 5 yrs 195
১৯৯০ চন । বোৱাৰী সাজ পিন্ধাৰ পাঁচটা বছৰ হৈছিল । ভৰপূৰ এখন ঘৰ । যৌথ পৰিয়াল । তাৰ মাজতে অৱসৰ গ্ৰহন নকৰাকৈ  কথাত লাগি চাকৰি এৰি দিয়া মোৰ শশুৰ দেউতাই  কেন্সাৰত পৰি মৃত্যুক আকোঁৱালি ললে । মোৰ শশুৰ দেউতাৰ ভাল লগা কথা এটাও ক’বৰ মন গৈছে । দেউতা ইংৰাজী আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল । ” হেৰা বোৱাৰী , তোমাৰ আৰু মোৰ বিষয় একে । তুমিও একে বিষয়ত মেট্টিকত মোৰ দৰে লেটাৰ নম্বৰ পাইছিলা । আঁহা , এতিয়া দুয়ো কথা পাতো । আজি সংস্কৃত ভাষাত আৰু কাইলৈ ইংৰাজীত । ”
   হে ভগবান বুকু কঁপি গৈছিল । কিন্তু বাধ্য হৈ পাতিছিলো । দেউতা গুছি গ’ল । দেউতা  আৰু  ককাদেউতাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে  দেউতাৰ শ্ৰাদ্ধৰ দিনাই ভকত সকলৰ ইচ্ছাৰে গোলাঘাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা কাৰ্যালয়টো আমি দুজন গোট খাই  কথা দি  সজাই দিম বুলি  ৰাইজৰ আশীষ ললো । এতিয়া কথা হ’ল ঘৰ এটা বনাই দিব পৰাকৈ আমাৰ  অৰ্থৰ প্ৰাচুৰ্য নাছিল । মই দৰমহা ১২০০ মান আৰু তেওঁ চৰকাৰী বিষয়া হ’লেও ১৪০০ মানহে পাইছিল । সকলোকে পোহপাল দি পইচা ৰাহি হোৱা নাছিল । গতিকে কিমান কম খৰচত কামটো কৰিব পাৰোঁ ভাবিব লগা হৈছিল । গতিকে মিস্ত্ৰিৰ লগত মই আৰু তেওঁ যোগালিৰ কাম কৰিছিলোঁ । ঘৰত নিজে শিলগুটি হাতুৰিৰে ভাঙি চাইজত ৰাখিছিলো । ঘৰ হৈ উঠিল । ৰাজহুৱা ভাৱে জিলাই ঘৰটি চমজি ললে । তেওঁ ককাক আৰু‌  দেউতাকৰ স্মৃতি যুগমীয়া কৰিলে ।
    আজি মোৰ স্বামীয়ে আমাক এৰি যোৱা এবছৰ পূৰ্ণ হ’ল । আজি মোৰ এটা সিদ্ধান্ত মোৰ বন্ধু সকলৰ  আগত প্ৰকাশ কৰিব বিচাৰিছোঁ । মোৰ স্বামী ঁ জীতেন্দ্ৰনাথ বৰাদেৱৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে নগদ ১,০০,০০০ ( এক লাখ ) টকাৰ এটি অনুদান বেংকত স্থায়ী জমা ৰাখি তাৰ  সুতেৰে প্ৰতি বছৰে গোলাঘাট জিলাৰ হাইস্কুল শেষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰেৰে উত্তীৰ্ণ হোৱা অৰ্থনৈতিক ভাৱে দুৰ্বল ছাত্ৰ বা ছাত্ৰী গৰাকীৰ সহায় হোৱাকৈ এটি নগদ ধনৰ বঁটা ২০১৯ বৰ্ষৰ পৰাই চলাই যাম বুলি স্থিৰ সিদ্ধান্ত কৰি পেলালো । মোৰ অবৰ্তমানত মোৰ ল’ৰা ছোৱালীয়ে এই  বঁটাটো চলাই  যাব । এই  ক্ষেত্ৰত পৰবৰ্তী সময়ত  ছাত্ৰগৰাকী নিৰ্বাচনৰ বেলিকা ছাত্ৰ সংগঠনৰ সহযোগিতা বিচাৰিম ।
    আপোনালোকৰ বহু মূলীয়া পৰামৰ্শ কামনা কৰিলো‌ঁ।
          প্ৰান্তত
              পাৰিজাত বৰুৱা , ঢেকীয়াল / গোলাঘাট
               

Leave a Reply

Your email address will not be published. Required fields are marked *