বাৰে-বাৰে
তোমাৰ প্ৰেমত পৰোঁ ,
অজানিতে ….
কেতিয়াবা মনত
খেলিমেলি লাগে,
তোমাক ভালপাওঁ বাবেই
তুমি ধুনীয়া নে
ধুনীয়া বাবে ভালপাওঁ
তোমাক ।
এটা কথা ভালদৰে জানো
যে,
মই ভালপাওঁ বাবেই
তোমাৰ অভিমান বাঢ়ে,
সাগৰফেনা বঢ়াৰ দৰে ।
বুকুত মোৰ অযুত আশা
সেয়া তুমি বুজিয়ো নুবুজা,
বিয়পাই দিয়া চৌপাশে
মোৰ
নিৰাশাৰ অলেখ ডাৱৰ ,
তথাপিয়ো ভালপাওঁ তোমাক ।