0 00 1 min 5 yrs 159
তোমাক দেখাৰ পৰা
 জীপাল হ’ল মোৰ হিয়া
তোমাৰ দুচকুৱে
কৰিলে মোক উন্মনা
তোমাৰ বাবেই ৰচিছো
মই অযুত সপোন
তোমাক পোৱাৰ আশাতেই 
ব্যাকুল মোৰ হিয়া
তোমাৰ পৰশতেই সাৰ পাই
মোৰ কলিজাই
মোৰ অবুজ নয়নে আজিও
নিজানত বিচাৰো তোমাৰেই ঠিকনা
তোমাৰ অবিহনে
মোৰ
জীৱন হ’ব
আধৰুৱা
নাযাবা তুমি জোন
নাযাবা আতৰি
নাচাবা তুমি মোক
আকাশৰ জোন বেলি তৰা হৈ
থাকিবা কাষতে
তুমি মোৰে হৈ
থাকিবা তুমি সদায় মোৰে হৈ।।।।
              প্ৰাঞ্জল শংকৰ
  

Leave a Reply

Your email address will not be published. Required fields are marked *