মুকলি আকাশখন যেতিয়া
ডাৱৰে আৱৰি ধৰিব ,
তোমাৰ সুখৰ সাগৰত যেতিয়া
দুখৰ ঢৌ উঠিব ;
সুখবোৰ জোৱাৰ-ভাটাৰ মাজত
হেৰাই যাব যেতিয়া ,
আৰু তোমাৰ চৌদিশে নিসংগতা
মোলৈ মনত পৰিবনে তেতিয়া ???
নিশ্চয় পৰিব
তেতিয়া তোমাৰ নিসংগতা
দূৰ কৰিবলৈ পালে
বৰ সুখী হ’ম মই ।
Tied up with a NATIONAL MEDIA AGENCY