0 00 1 min 4 yrs 217
দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ সদৰ  হাটশিঙিমাৰীত জিলা পৰিষদৰ কাৰ্য্যালয় গৃহৰ আধাৰ শিলা স্থাপন : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে উদ্বোধন কৰিলে আধাৰ শিলা : ৪ কোটি টকাৰে দুবছৰত নিৰ্মাণ  হব তিনি মহলীয়া ভৱন।
 দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ স্থায়ী ভৱন নিৰ্মাণৰ কামৰ আধাৰ শিলাৰ শুভ উদ্বোধন কৰে।  মন্ত্ৰী নব কুমাৰ দলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা আৰু আয়ুক্ত হেমেন দাসক সৈতে  ধুবুৰীৰ পৰা দূপৰীয়া ভাগত হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হয়। ৰাতিপুৱা আধাৰ শিলাৰ শুভ উদ্বোধন কৰাৰ সময়সূচী আছিল যদিও ধাৰাষাৰ বৰষুণৰ ফলত মন্ত্ৰী গৰাকীয়ে দূপৰীয়া ১২ বজাৰ পিছত হৈ উপস্থিত হব লগা হয়। মানকাচৰ বিধানসভাৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, জিলা উপায়ুক্ত গুৰুদীপ সিং পানেচৰকে ধৰি বিভিন্ন উচ্চপদস্থ বিষয়া – কৰ্মচাৰী, স্থানীয় জনপ্ৰতিনিধি আৰু সচেতন ৰাইজৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ প্ৰায় ৪ কোটি টকা ব্যয় সাপেক্ষে ৩ মহলীয়া ভৱনৰ বন্তি প্ৰজ্বলন কৰি আধাৰ শিলাৰ শুভ উদ্বোধন কৰে। এই উপলক্ষ্যে অনুষ্ঠিত সভাত মন্ত্ৰী নব কুমাৰ দলে চৰকাৰৰ বিভিন্ন উন্নয়ন মুলক আঁচনিৰ গুনগান গাই ভাষন প্ৰদান কৰে। সভাৰ শেষত মন্ত্ৰী নব কুমাৰ দলে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *