0 00 1 min 5 yrs 199
মোৰ মৃত্যুৰ বাতৰি পাই উচুপি নুঠিবা তুমি;
সেমেকিব নিদিবা পোৱাৰ ৰ’দালি,
তুমি উচুপিলে শেষ হ’ব
মৰম নামৰ মিঠা আখৰ,
তোমাৰ ঢৌ খেলা চুলিটাৰিৰে
ঢাকি পেলাবা দুখৰ কজলা ডাৱৰ ,
মোৰ সমাধিলৈও নাহিবা তুমি,
দুভৰিত স্মৃতিৰ কাঁইটে বিন্ধিব ,
তোমাৰ নীলা দুচকুত
চকুলোৰ সাগৰ হ’ব দিব নোৱাৰো,
পাৰিলে পাহৰণিৰ গৰ্ভলৈ ঠেলি পঠিয়াবা মোক
আৰু মোৰ মৃত্যুক ,
আমাৰ অতীতৰ স্মৃতি
জ্বলি যাহ যাবলৈ দিবা,
দলিয়াই দিবা মোক আৰু মোৰ মৃত্যুক
চিতাৰ জুই কুৰালৈ।
সেই জুই পিছে সাঁচি নাৰাখিবা
তোমাৰ বুকুত চিৰদিনলৈ।
ম’বাইলঃ 6238934308

Leave a Reply

Your email address will not be published. Required fields are marked *