0 00 1 min 5 yrs 208
তুমি যেতিয়া মোৰ নিচেই কাষৰত আছিলা,
মই অনুভৱ কৰিছিলো
জীৱন মানে কি?
ৰচিছিলোঁ তোমাৰ কাষত থাকি বহু আবেগহীনতাৰ কবিতা,
তোমাক পোৱা-নোপোৱাৰ
দোমোজাত মই।
কঢ়িয়াই ফুৰিছিলোঁ দুখৰ বোজা।
এদিন দুদিন কৈ আমাৰ প্ৰেমে
গভীৰতাৰ নৈত সাঁতুৰিছিল,
কিন্তু সাঁতুৰি পাৰ হ’বলৈ নাপালে
মাজসাগৰত অন্ত পৰিল আমাৰ যাত্ৰা।
গুছি গ’লা আতৰি মোৰ পৰা
অচিন পক্ষীৰ লগত দূৰ-দিগন্তলৈ,
সময়ৰ স’তে খোজ মিলাই
মাথো মই থমকি ৰ’লো
জীৱনৰ কোবাল বানত।
অকলশৰে সংগীবিহীন জীৱন পথত।

Leave a Reply

Your email address will not be published. Required fields are marked *