হেলনীয়া বেলিটো নৈ খনত পৰাৰ লগে লগেই
নৈখনে বৰণ সলাবলৈ ধৰে ,
সেন্দুৰীয়া বেলিটোৱে গোটেই
নৈখনে বৰণ সলাবলৈ ধৰে ,
সেন্দুৰীয়া বেলিটোৱে গোটেই
নৈখনকে নিজৰ কৰি লয় ।
বৰণ সলোৱা নৈখনৰ দৰেই আছিল আবেলিটো নৈখনৰ সাক্ষী আছিলো আমি, আৰু আমাৰ প্ৰতিদিনৰ সাক্ষী নৈ খন |
নৈ খন কোনোদিনেই ৰোৱা নাছিল নিজৰ বাবে,
বেলিটোৱে ভালপোৱা দৰেই ।
নিজকে ৰঙীন কৰি প্ৰতি ক্ষণ সজাইছিল,
আবেলিৰ বেলিটোৱে ক’ত কথাই যে কৈ যায়
মোক আৰু তোমাক |
ৰঙা বেলিটোৰ লগতে আমাৰ কত সুখ-দুখ,
জেদ,অভিমান নৈ খনে লগত লৈ গুচি গৈছে……
তাৰ বাবেইতো নৈখন আমাৰ ইমান আপোন ।
তাৰ বাবেইতো নৈখন আমাৰ ইমান আপোন ।
নৈখনে বৰকৈ মাতি থাকে মোক, কিন্তু আজি বহু দিন হ’ল নৈখনৰ কাষ চপা নাই, কাৰণ যে তুমি নাই….