0 00 8 yrs 204

দীঘলীপুখুৰী ,
তোমাৰ আকাশত শব্দ গজিছে,

সেইবোৰ
কিছুসময়ৰ পাছতেই নামি আহিব
মুষলধাৰে তোমাৰ বুকুলৈ,
শব্দবোৰ আনন্দৰ মাজত

অজানিতেই সৃষ্টি হল ,

মতলীয়া হৈ তুমি তেতিয়া
সেইবোৰ কথা পাহৰি গৈছিলা ,
এতিয়া ইয়াক বাধা দিয়াৰ
কোনো উপায় নাই,
বৰ্তমান সিঁহতগজগজীয়া !
মোৰ ভয় হৈছে
কিজানি তুমি সূৰ্যৰ পোহৰত
ধৰা পৰি যোৱা,
তোমাৰ গালদুখনিত
কলঙ্কৰচেকা লাগে বুলি ,
তুমি অলপতে উত্তেজিত হৈ
ভৱিষ্যতৰ কথা পাহৰি যোৱা
সেয়ে তোমাৰ আকাশত শব্দৰ সৃষ্টি হয়,
পিছে তুমি আজি কাৰ অপেক্ষাত জনাবানে দিঘলীপুখুৰী????
গুৱাহাটী, নৱেম্বৰ ১১

Leave a Reply

Your email address will not be published. Required fields are marked *