কি ফুল ফুলে, চুনু
নক’বি নক’বি কাকো
গছপাতক কোৱা কথা
বতাহে কাঁইটক ক’ব ।
ৰহধলা পথাৰলৈ খৰাং নামিছে, চুনু
মনলৈ খৰাং নামিবলৈ নিদিবি ।
কপাহী চাদৰেৰে বুকু ঢাকি ৰাখিবি
ৰঙাকৈ লিপষ্টিক, নেইলপলিচ নলগাবি
জেতুকা বুলাবি দুহাতত
বৰ্হমথুৰি ওঁঠত
শীতে লঠঙা কৰা দেশলৈ
বসন্ত আহিবই
চুনু, তইতো জান্
দেও লগা দেশৰ দেও লগা ল’ৰা মই ।
আয়েৰক ক’বি , পিতায়েৰকো ক’বি
এদিন আমি গড়গাঁৱত
সূৰ্য্যোদয়ৰ পতাকা উৰুৱাম ।
কোঁটকোৰাৰ কাঁইটে বিন্ধা জয়াৰ জীয়ৰী
চুনু, তই ধৈৰ্য্য নেহেৰুৱাবি
এদিন মই শিল ভাঙি
ঈশ্বৰৰ মূৰ্তি সাজিম
জেওৰা ভাঙি সাজিম মন্দিৰ ।
✍দীপজ্যোতি বৰা
চেতিয়া গাঁও, ঢেকিয়াল