মৰমৰ বন্ধু জোনাক,
মোৰ মৰম ল’বি।আজি মই বহু দিনৰ মূৰত তোলৈ এখন চিঠি লিখিম বুলি হাতত কলম তুলি ল’লো আৰু এইয়াই হ’ব মোৰ তোলৈ শেষ চিঠি।জোনাক মই আৰু বেছি দিন জীয়াই নাথাকিম চাগে।মই মৰাৰ আগতে তোলৈ এখন অনুৰোধৰ চিঠি লিখিলো।আজি কেইদিন মানৰ আগত মোৰ জ্বৰ আৰু কাঁহ হৈছিল,টেবলেত খাইছো যদিও ভাল পোৱা নাই।লাহে লাহে মোৰ জ্বৰ আৰু কাঁহ বেছি হ’ব ধৰিলে।বৰদেউতা বৰমাই তোক খবৰ দিয়াৰ কথা কৈছিলে কিন্তু মই হে মানা কৰিলো আগত তোৰ পৰীক্ষাটো আহি থকা বাবে।পাছত ডক্টৰৰ মূখেৰে গম পালো মোৰ হেনো কেন্সাৰ হৈছে।কিন্তু হাৰ মানিব খোজা নাছিলো,ভাবিছিলো ভাল হৈ যাব।মোৰ এই অসুখ টোৰ কথা ঘৰটো ক’ব পৰা নাছিলো।তই জানই চোন মা আৰু ভাইটিৰ মোৰ অবিহনে কোনো নাই বুলি একমাত্ৰ তোৰ বাহিৰে।আনফালে নিয়ৰ জনীকো ক’ব নোৱাৰো।তইটো জান তাইক মই কথা দিছিলো জীৱনে মৰণে একেলগে থকাৰ।নোৱাৰিম চাগে অ’ তাইৰ জীৱন সংগী হ’ব।তোক টো আছল কথাটো কোৱাই নাই।শুন______মই এতিয়া জীৱনৰ অন্তিম যুঁজত ভৰি দিলো।নাজানো এই যুঁজত জয় হ’ব পাৰিম নে নোৱাৰিম?যদি জয় হঁও তই মোৰ অনুৰোধৰ পৰা মুক্তি আৰু যদি পৰাজয় হঁও তেনেহ’লে তই মোৰ অনুৰোধ ৰক্ষা কৰিবি নে?জোনাক মই মৰাৰ পাছত তই সদায় মা আৰু ভাইটিক মই নথকাৰ অনুভৱ কৰিবলৈ নিদিবি।নিয়ৰক তোৰ জোনৰ পোহৰেৰে জিলিকাই ৰাখিবি।তাইৰ ঠুনুকা সপোন বোৰ ভাগি যাবলৈ নিদিবি।জোনাক তই সদায় তোৰ জোনৰ পোহৰেৰে জোনৰ দৰে সকলোকে পোহৰাই ৰাখিবি।এইয়াই মোৰ তোৰ ওচৰত সৰল আৰু শেষ অনুৰোধ। ইতি তোৰ মৰমৰ পাগল বন্ধু নিবিৰ।