0 00 1 min 4 yrs 127

শিলত কাটে জীৱন সপোন
কাঁচেৰে সাজে কল্পনাৰ কাৰেং
মণিব নোৱাৰা দূৰ দিগন্তলৈ উৰে
আশাৰ ৰঙীয়াল চিলা

উকা দুবাহুৰে সাৱটিব খোজে
সাগৰ সমান মৰম

অশান্ত ঢল এটা লৈ
হৃদয়ৰ পৰা বৈ আহে এখন নদী
বুকুৰ গভীৰতা জুখি জুখি

যি প্ৰেমত চকুলো আছে
সেই প্ৰেমৰ গভীৰতা আছে

যি প্ৰেমত বিষাদ আছে
সেই প্ৰেমৰ মাদকতা আছে

প্ৰেম বিহীন জীৱন অসাৰ্থক
অলক প্ৰেমেৰে জীৱন নতৰায়

জীৱন আৰু প্ৰেম
সন্ধিয়া আকাশৰ জোন-তৰা ৷

(ৰচনা কালঃ ২০১২)

Leave a Reply

Your email address will not be published. Required fields are marked *