মুক্তিকামী সপোন এটাই
আহি বাহ লৈছিল
তেওঁৰ দুচকুত
গুপুতে
স্বাধীনতাৰ গান এটা
বাজি আছিল বুকুত
অহৰহ
হঠাৎ গানত জুই লাগিল
সপোনবোৰ পুৰি ছাৰখাৰ হ’ব বুলি
তেওঁ ঢালি দিলে কেঁচা তেজ
আপোনা কলিজাৰ
আৰু !
শুই পৰিল
চিৰশান্তিৰ কোলাত ৷৷
Tied up with a NATIONAL MEDIA AGENCY