0 00 1 min 5 yrs 186
বোকাখাতত সংঘটিত হ’ল এনে এক ঘটনা।
বোকাখাতত দৈনিক চুপাৰ বাছৰ পৰা অন্য যাত্ৰীৰ সামগ্ৰী চোৰ কৰি আটক হল যাত্ৰী ৰূপী মহিলা ৷
মৰাণৰ পৰা বাছত অহা পৰিস্মিতা গগৈ নামৰ যাত্ৰীৰ বেগৰ পৰা নগদ ধন, মবাইল, কাপোৰ চুৰি কৰিছিল চুলতানা খাতুন নামৰ মহিলা গৰাকীয়ে। মৰাণৰ পৰা নগাঁৱৰলৈ অনুষ্ঠান পৰিবেশন কৰিবলৈ যোৱা পৰিস্মিতা গগৈয়ে বোকাখাত চৰকাৰী বাছ আস্থানত গাড়ী ৰখোৱাত বাহিৰ ফুৰিবলৈ গৈছিল।সেই চেগতে পৰিস্মিতাৰ বেগৰ পৰা সামগ্ৰী চুৰি কৰি নিজৰ বেগত ভৰাই লৈছিল। পৰিস্মিতাই গাড়ীলৈ অহি নিজৰ বেগটোৰ কিছু বিসংগতি লক্ষকৰি চুলতানাক সন্দেহ কৰে। অৱশেষত আন যাত্ৰীৰ সহযোগ আৰু আৰক্ষীৰ সহায়ত তালাচী চলোৱাত সকলো ওলাই পৰে।অৱশেষত
বোকাখাত আৰক্ষীয়ে চুলতানা খাতুনক আটক  কৰি থানালৈ আনে৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *