এজন
দূৰ্ভগীয়া মানুহ.,
দুটকা পোৱাৰ আশাত তেওঁ
হাতখন মেলিছে,
তেওঁৰ কাষত এটা ষ্টেইনলেচ
স্তিলৰ বাতি,
তাত পঞ্চাছ টকামানৰ
এটকীয়া-দুটকীয়া মুদ্ৰা,
সেইটো দাঙিবলৈয়ো হেনো
তেওঁৰ হাতত শক্তিৰ অভাব,
আপুনি ভালদৰে লক্ষ্য
কৰকচোন
তেওঁৰ হাত-
ভৰিতো ষ্টেইনলেচ স্তিল R
নাইবা প্লাষ্টিকৰ
প্ৰলেপ দেখা পাব ।
আকাশৰ বেলিটোৰ তেওঁৰ
প্ৰতি কোনো সনানুভূতি নাই
সেয়ে সি যিমান পাৰে সিমান
কঠোৰ হৈ পৰিছে..।
মানুহজন আৰু ৰাস্তাটোৰ মাজত
এখন পাতল কাপোৰ আছে
(য’ত তেওঁক শুৱাই থোৱা হৈছে)
সেইখনে শোষণ কৰিব পাৰিছেনে
ৰাস্তাটোৰ উত্তাপখিনি ,
এইটো কথা আমি নহয়
মাথোঁ তেওঁহে বুজিব যিজনে
শাস্তি ভোগ কৰিলেহে
জীয়াই থাকিব পাৰে ।।