মনি ডেকা
দেউতা…..
কুঁশলে আছানে তুমি?
আজি বহুদিনেই হ’ল
তোমাৰ লগত কথা নপতা
কি কৰিবা সময়েইচোন নোহোৱা হ’ল
কৰ্তব্যৰ খাতিৰত মন থাকিলেওঁ
আজি কালি বহু কামেই এৰিব লগা হ’ল |
কথা পাতিব নোৱাৰিলেওঁ
তোমাৰ অনুভৱেৰে মন সদায় ভৰি থাকে
কেতিয়াওঁ পাহৰিব নোৱাৰো তোমাক
দেউতা বৰকৈ মনত পৰে ও তোমালৈ..|
আঘোণৰ সোণোৱালী ধাননিৰ মাজে মাজে
তোমাৰ হাতত ধৰিয়েই শিকিছিলো
খোজ দিবলৈ প্রকৃতিৰ বিনন্দীয়া ৰূপ চাবলৈ |
দেউতা তুমি আমাক এৰি যাবৰ
আজি বাৰ বছৰ পাৰ হৈ
তেৰ বছৰত ভৰি দিলে
ঘটনা বোৰ যেন যোৱাকালিহে ঘটি গৈছে
তেনে লাগে জানা !
তুমি থাকোতে মাঘৰ উৰুকাৰ ৰাতিটো
কিমান যে ভাল লগা আছিল
তোমাৰ গীতেৰে মুখৰিত হৈ পৰিছিল
চৌপাশ…
কি যে এক মায়াময় পৰিবেশ..
স্বপ্নাতুৰ হৈ পৰিছিল সকলো..
কিমান যে মধুৰ স্মৃতিহৈ ধৰা দিয়ে দুচকুত আজিও সেই কথা বোৰে |
আজি আৰু উৰুকাৰ
সেই আমেজ নাই দেউতা
তুমি নোহোৱা ভেলা ঘৰটো কিবা দেখোন
উকা উকা লগা হ’ল ,
লাৰু পিঠাবোৰৰো আগৰ সোৱাদ
নোহোৱা হ’ল |
দেউতা আজি আৰু কথা নাপাতো দিয়া
মোৰ গা ভাল নহয় ও
সময় পালে কথা নিশ্চয় পাতিম দেউতা
সময় বৰ নিষ্ঠুৰ ও দেউতা |
তোমাক আমাৰ মাজৰ পৰা কাঢ়ি নি
এক অপূৰণীয় ক্ষতি কৰিলে জানা !
দেউতা….
আজি তোমাৰ মৃত্যু তিথিত
এগছি চাকি জ্বলাই অশ্রু অঞ্জলী যাচিলো
তুমি যতেই আছা সুখেৰে থাকা
দেউতা..
সুখেৰে থাকা..
…..ক্রমশ: