নাই ! আজি তাইক কথাষাৰ
ক’বই লাগিব।
যি হ’লে হ’ব
তাই টিউচনৰ পৰা ঘূৰি আহোতে
বাটত লগ কৰি কথাষাৰ
আজি কৈয়ে দিম।
এইদৰে বহুবাৰ ভাবিলো জানা
নাই !তাইক “আহিলা “বুলি মাত এষাৰ দিয়াৰ বাদে
আন এক্কোকে… (একোকে)
ক’ব নোৱাৰো ।
তাই যিমানেই চাপি আহে
উঃ…ফ… বুকুখন কেনেকুৱা লাগে
মইহে জানো ………….
ধিপ্,.. ধিপ্, ধপ্,..ধপ্ ,
ধপধপ্, ধপধপ্ ।
কাণেদি এক্কেবাৰে (একেবাৰে)
জুই ওলাবলৈ আৰম্ভ কৰে।
পিতাইয়ে যে এনেয়ে মোক নকয় !
গধুলি হ’লে সাত হাল বাবি
পুৱা হ’লে এহালো নাই ।
ৰাতি ৰাতিটো বিচনাত সদায় ভাবো
কাইলৈ ক’মেই ক’ম।
ভয় কৰিবলৈ কিডাল আছে ।
নাই সাহস গোটাব নোৱাৰিলো।
এখোজ আগুৱাই দুখোজ পিচুৱাও।
থমকি ৰ’লো বহুবাৰ ।
ৰ’বা………
আজি এখন চিঠিকে লিখো নহ’লে ।
তাইৰ লগৰ লক্ষীৰ হাতত দি পঠাম
নাই ! নাই !
তাই যদি সকলোকে কৈ ফুৰে…..!
পিছে…..
এটা কথা মইও লক্ষ্য নকৰা নহয়।
নীলা ছাতিৰ আঁৰৰ পৰা
তাই দূৰতে মোক দেখি
লাহকৈ মৰা মিচিকি হাঁহিটো !
নোচোৱাৰ ভাওজুৰি মোৰফালে
এবাৰ হ’লেও চাই যোৱাটো !
আৰু কি জানা
কাষেৰে পাৰ হৈ যাওঁতে
পিচে পিচে হাফ পেডেল মাৰোতে,
তাই হ’লে আজিলৈ মোক
বেয়াকৈ কোৱা নাই ।
কোৱা নাই ঘৰত কৈ দিম।
তাইও চাগে মোক
ভাল পায় ন’. . . !
.
.
.
.
.
.
দেবু কোঁৱৰ ।
ক’বই লাগিব।
যি হ’লে হ’ব
তাই টিউচনৰ পৰা ঘূৰি আহোতে
বাটত লগ কৰি কথাষাৰ
আজি কৈয়ে দিম।
এইদৰে বহুবাৰ ভাবিলো জানা
নাই !তাইক “আহিলা “বুলি মাত এষাৰ দিয়াৰ বাদে
আন এক্কোকে… (একোকে)
ক’ব নোৱাৰো ।
তাই যিমানেই চাপি আহে
উঃ…ফ… বুকুখন কেনেকুৱা লাগে
মইহে জানো ………….
ধিপ্,.. ধিপ্, ধপ্,..ধপ্ ,
ধপধপ্, ধপধপ্ ।
কাণেদি এক্কেবাৰে (একেবাৰে)
জুই ওলাবলৈ আৰম্ভ কৰে।
পিতাইয়ে যে এনেয়ে মোক নকয় !
গধুলি হ’লে সাত হাল বাবি
পুৱা হ’লে এহালো নাই ।
ৰাতি ৰাতিটো বিচনাত সদায় ভাবো
কাইলৈ ক’মেই ক’ম।
ভয় কৰিবলৈ কিডাল আছে ।
নাই সাহস গোটাব নোৱাৰিলো।
এখোজ আগুৱাই দুখোজ পিচুৱাও।
থমকি ৰ’লো বহুবাৰ ।
ৰ’বা………
আজি এখন চিঠিকে লিখো নহ’লে ।
তাইৰ লগৰ লক্ষীৰ হাতত দি পঠাম
নাই ! নাই !
তাই যদি সকলোকে কৈ ফুৰে…..!
পিছে…..
এটা কথা মইও লক্ষ্য নকৰা নহয়।
নীলা ছাতিৰ আঁৰৰ পৰা
তাই দূৰতে মোক দেখি
লাহকৈ মৰা মিচিকি হাঁহিটো !
নোচোৱাৰ ভাওজুৰি মোৰফালে
এবাৰ হ’লেও চাই যোৱাটো !
আৰু কি জানা
কাষেৰে পাৰ হৈ যাওঁতে
পিচে পিচে হাফ পেডেল মাৰোতে,
তাই হ’লে আজিলৈ মোক
বেয়াকৈ কোৱা নাই ।
কোৱা নাই ঘৰত কৈ দিম।
তাইও চাগে মোক
ভাল পায় ন’. . . !
.
.
.
.
.
.
দেবু কোঁৱৰ ।