0 00 1 min 5 yrs 198
অসমীয়া সংগীত জগতৰ এটি  পৰিচিত নাম হ’ল বিপিন চাউদাং । তেখেতৰ প্ৰতিটো গীতেই নবপ্ৰজন্মৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰে । বিপিন চাউদাং মানেই যেন জনপ্ৰিয়তাৰ আন এটা নাম । কোনে নুশুনে তেওঁৰ গান । ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৰে মাজত সমানেই জনপ্ৰিয় বিপিনদাৰ গান । নিভাঁজ দেশপ্ৰেম তথা বিপ্লৱৰ উমান পোৱা যায় তেখেতৰ গানত । অৰ্থাৎ সহজ অৰ্থত কবলৈ গলে অসমৰ কেঁচা মাতিৰ গোন্ধ পোৱা যায় তেখেতৰ গানত ।
বিপিনদাৰ কিছুমান চিৰসেউজ গীত  হ’ল “ফুলপাহি যেন আলফুলীয়া”, “নামচাংৰ নাচনী”, “চেনীমাই”, “চাই থাকোং চাই থাকোং”, “মই দিয়া চিঠি”, “জয় আই অসম”, “দহৰ বাবে মই” ইত্যাদি ।
শেহতীয়াকৈ বিপিনদাৰ কণ্ঠত “ৰহেদৈ” নামৰ গীতটো মুক্তি পায় । “ৰহেদৈ”ৰ যোগেদি বিপিনদাই বৰ্তমান সময়ৰ ভণ্ড গায়কসকলৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে ।
অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *