0 00 5 yrs 136
মানুহৰ স’তে যুঁজি যুঁজি ঈশ্বৰ ভাগৰি পৰিল
তথাপি পৰাজয় স্বীকাৰ নকৰিলে
মানৱতাৰ অপমৃত্যু হোৱাৰ ঠিক আগতেই
অৱশিষ্ট ছাইকণ লৈ
ঈশ্বৰ পলাই গ’ল
হয়তো
এতিয়া পলাই আছেগৈ
বেলিৰ পোহৰে ফালিব নোৱাৰা
দক্ষিণৰ ঘন অৰণ্যৰ মাজত
অথবা কুমেৰু শীতল শিতানত
মুৰ থৈ ঈশ্বৰ ব্যস্ত
উপায় সন্ধানত
য’ৰ পৰা নুশুনি আৰ্তনাদ
য’ত নাই কাতৰ মাত
তাত ঈশ্বৰৰ কি কাম ?
শুনিছিলো
শিশুৰ মাজতেই হেনো ঈশ্বৰ বিদ্যমান
তেন্তে কিয় ঈশ্বৰ সন্ধানী মানুহৰ হাততেই
শিশুৰ বধ আজি ?
ঈশ্বৰক লৈ লবী কৰা এচাম মানুহৰ বাবেই
আজি ঈশ্বৰ বদনামী হ’ল
আজি ঈশ্বৰ এলাগী হ’ল
নিজকে ঈশ্বৰৰ নামত উৎসৰ্গা কৰা
সাধাৰণ মানুহেও আজি
অবিশ্বাস কৰা হ’ল
ঈশ্বৰবিহীন ছিৰিয়াত এতিয়া
পোৰা মঙহৰ গোন্ধই আকাশ ভেটিছে
আকাশত উৰিছে জলন্ত ককুহা
চলি আছে এতিয়াও
মধ্যপ্ৰাচ্য কেন্দ্ৰিক পাশাখেল
নিৰুপায় ঈশ্বৰ পলাতক আজি!!

Leave a Reply

Your email address will not be published. Required fields are marked *