0 00 1 min 2 yrs 191

গৰুখুটিৰ উচ্চেদৰ পাছতেই সৰব হৈছে শোনিতপুৰ জিলা প্ৰশাসন । অবৈধভাৱে বসবাস কৰা চাপৰি অঞ্চলৰ লোক সকলৰ ঘৰে-ঘৰে গৈ নথি-পত্ৰ পৰীক্ষা কৰে প্ৰশাসনৰ লোকে । ইতিমধ্যে জিলা খনৰ ঢেকিয়াজুলি ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীয়ে চৰ চাপৰিত বসবাস কৰা লোক সকলৰ ঘৰে-ঘৰে গৈ অব্যাহত ৰাখিছে তদন্ত। পৰীক্ষা কৰিছে নথি পত্ৰ । ধিঙৰ কাষৰীয়া শোনিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ তিনিটেকীয়া চাপৰিত বুধবাৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ চৰজমিন তদন্ত কৰে ।
উল্লেখ্য যে তিনিটেকীয়া চাপৰি বৰচলা সমষ্টিৰ গুপ্তেশ্বৰ পঞ্চায়তৰ এলেকাধীন । এই তিনিটেকীয়া চাপৰিত ৫ খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু ৪ খনকৈ বেচৰকাৰী বিদ্যালয় আছে । তাৰোপৰি ১৬ টা কৈ অঙ্গনৱাড়ী কেন্দ্ৰও আছে । এই চাপৰিত বিগত ৫০-৬০ বছৰ ধৰি এইসকল লোকে বসবাস কৰি আহিছে । তেওঁ লোকৰ আছে বৰচলা সমষ্টিৰ ভোটাৰ কাৰ্ডো । গৰুখুটি কাণ্ডৰ পাছতেই চৰ চাপৰি সমূহ বেদখল মুক্ত কৰিবলৈ দাবী উত্থাপন কৰা হৈছিল । অৱশ্যে তদন্তৰ সময়ত তিনিটেকীয়া চাপৰিত বসবাস কৰা লোক সকলে প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়ায় ।

ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপৰ্ট ।

Leave a Reply

Your email address will not be published. Required fields are marked *