0 00 1 min 5 yrs 88
ভিৰৰ মাজত এজন পগলা হেৰাল
বাট বিচাৰি নাপাই সি এজনক কলে —
” আপুনি অসহিষ্ণু
মই ৰদঘাই মানুহ ;ফৰকাল কথা”
নীৰৱে হাঁহিথকা জন কবি আছিল
সেই একেই কথা কোৱাত
গৰজি উঠাজন যোদ্ধা আছিল
পগলাৰ ভাগ্য ভাল বাবেহে
” ভিৰ” গৰজি উঠা নাই
বুৰঞ্জী জনাই জানে
ভিৰে গৰজা মানেই কালে গৰজা
কালৰ হাঁতোৰাই বত্ৰিছটা দাত সৰুৱাৰ আগতেই
ফৰকাল কথাৰ কথকুৱে
প্ৰলাপ সামৰা ভাল

Leave a Reply

Your email address will not be published. Required fields are marked *