মাজনী,
তোৰ উদং বুকুৰ ক্ষোভত
আজি আকাশৰ কান্দোন;
সোঁৱৰণিৰ সেউতাত উটি আছে
আমাৰ মৰমৰ বান্ধোন।
তোৰ জীৱনত ৰৈ গ’ল
অভাগিয়া পিতাইৰ ধাৰ,
আৰম্ভ নহওঁতে যে সামৰিলোঁ
সময় মমতাৰ।
বিৰহত এটোপ এটোপকৈ সৰি গ’ল
মোৰ জীৱন-কাহিনী,
অকপটেই মই বিদায় ল’লো
তোৰ পৰা মাজনী।
প্ৰতিদিন-প্ৰতিপলে তোৰ ছাঁৰ
কলাখিনি হৈ মই থাকো,
নেদেখা হাতেৰে সানি দিব চাওঁ
এমুঠি হাঁহিৰ ফাঁকু।
মাজনিশা মই চাই ৰওঁ তোক
বহু আঁতৰৰ পৰা;
তই যে মোৰ মন আকাশৰ
এটি পপীয়া তৰা,
তোৰ উদং বুকুৰ ক্ষোভত
আজি আকাশৰ কান্দোন;
সোঁৱৰণিৰ সেউতাত উটি আছে
আমাৰ মৰমৰ বান্ধোন।
তোৰ জীৱনত ৰৈ গ’ল
অভাগিয়া পিতাইৰ ধাৰ,
আৰম্ভ নহওঁতে যে সামৰিলোঁ
সময় মমতাৰ।
বিৰহত এটোপ এটোপকৈ সৰি গ’ল
মোৰ জীৱন-কাহিনী,
অকপটেই মই বিদায় ল’লো
তোৰ পৰা মাজনী।
প্ৰতিদিন-প্ৰতিপলে তোৰ ছাঁৰ
কলাখিনি হৈ মই থাকো,
নেদেখা হাতেৰে সানি দিব চাওঁ
এমুঠি হাঁহিৰ ফাঁকু।
মাজনিশা মই চাই ৰওঁ তোক
বহু আঁতৰৰ পৰা;
তই যে মোৰ মন আকাশৰ
এটি পপীয়া তৰা,
✍ধৃতিময় কলিতা