0 00 1 min 4 yrs 203

ছোৱালীজনীৰ কাপোৰৰ কিছু অংশ ফটা।তাই প্ৰায় দুদিন ধৰি ক’তো ভাত এমুঠিও খাবলৈ পোৱা নাই।আঢ্যৱন্ত ব্যক্তিসকলৰ আগত হাত পাতি তাই কাৰোবাক অলপ আহাৰ খুজিছে,আন কাৰোবাক কিছু টকা।তেনে সময়তে চহৰৰ এজন নামী ব্যৱসায়ীয়ে তাইক দেখি তেওঁৰ গাড়ীৰ ভিতৰত বহুৱাই ল’লে।ভোকৰ তাড়নাত অহৰ্ণিশে যুঁ‌জি থকা ছোৱালীজনীয়ে মানুহজনৰ ভৰিত ধৰি আন্তৰিক ধন্যবাদ জনালে ।

       কিছু সময় পাছত গতিশীল অৱস্থাতেই ব্যৱসায়ীজনৰ গাড়ীৰ ভিতৰৰ পৰা তাইৰ উলংগ মৃতদেহটো পথৰ দাঁ‌তিত দলিয়াই দিয়া হ’ল।
       জীৱন জীয়াৰ বাসনাত অকাল মৃত্যুক আঁ‌কোৱালি লোৱা ছোৱালীজনীয়ে কিন্তু আজিলৈ ন্যায় নাপালে।
বিঃদ্ৰঃ–সম্পূৰ্ণ কাল্পনিক ঘটনা।
✍🏻ধৃতিময় কলিতা

Leave a Reply

Your email address will not be published. Required fields are marked *