0 00 1 min 2 yrs 13

দুচকুত অনেক স্বপ্ন আৰু হাতত গধুৰ মাৰ্কচিটেৰে ভৰা ফাইল এটা লৈ

এটাৰ পাছত এটা কাৰ্যালয়ত ঘূৰি ফুৰিছিলোঁ,
মানুহৰ আগত মোৰ পৰিচয়
শিক্ষিত নিবনুৱা।
আজিৰ পৃথিৱীত প্ৰতিযোগিতা বহুত,
পদ যদি এটা
তেনেহ’লে প্ৰাৰ্থী এহেজাৰটা।
চাহাবক ভেঁটি দিবলৈও
মই অসমৰ্থ,
যোগ্যতাৰো যে এতিয়া জীয়া বেপাৰ।
মানুহে আজি মানুহক কিনিছে,
ধনৰ লোভত বহুতে সন্মান বেচিছে।
সন্ধিয়া তিনিআলিলৈ অহা
নিৰক্ষৰ মানুহ কেইজনেই আজি
শিক্ষিত ডেকাসকলক চাকৰি দিছে,
শুনিছোঁ তেওঁলোকৰ হেনো
বহুত ওপৰলৈ হাত আছে। 
মেধা,প্ৰতিভাই যে
মধ্যবিত্ত শব্দটোৰ আগত আঁ‌ঠুকাঢ়ে, 
সেই কথা আজিহে অনুভৱ কৰিছোঁ।
মোৰ সকলো আশা
মোৰ সকলো সপোন
আজি হিয়াতে জ্বলালো,
সমাজত চলি থকা এনেবোৰ অন্যায় দেখি
মই মোক হত্যা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *