0 00 5 yrs 107

(ধৰ্ষণৰ বিৰুদ্ধে ওলাই যাঁও আহ) নপুসংক …………….. চোৱা চোৱা সৌজাক নপুসংক সিহঁতৰ তেজত বৈ আছে পুৰুষৰ নামত কলংকৰ নৈ কিন্তু সিহঁত পুৰুষ নহয়।। সিহঁত এজাক নপুসংক সেইয়ে সিহঁতে বেৰি ধৰে একো একোজনী নাৰীক।। কোনো মাতৃৰ গৰ্ভজাত সন্তান নহয় সিহঁত নহয় কাৰোৰ দেউতাক, দাদাক, পতি অথবা পুত্ৰ মাথোঁ নপুসংক সিহঁত।। কোনো পুৰুষে কেতিয়াও নাৰীক অৱলা বুলি নাভাবে প্ৰকৃত পুৰুষে নাৰীক কেতিয়াও অপমান নকৰে। কিন্তু নপুসংকে পাৰে… পুৰুষ হোৱাৰ ক্ষমতা যে সিহঁতৰ নাথাকে ।। আৰু কিমান দিন….? নপুসংকৰ হাতত জীৱন আহুতি দিবলৈ জানো নাৰীৰ জন্ম…..! নিদ্ৰাৰ ভাও জুৰা ৰজাৰ ঘৰৰ কথা বাদ দিয়া। ওলাই আঁহা সকলো আমি অবলা নহয় ৰণচণ্ডী মূৰ্তিৰে কপাই তোলো ধৰণী, দুঃশাসনৰ ৰক্ত পান কৰিব পৰা কলিজা আমাৰো আছে মূলাগাভৰু দেশৰে জীয়ৰী আমি।। চকুলো টুকাৰ সময় নহয় এইয়া হাতে হাতে হেংদাং লৈ নপুসংকক পেলাই যোৱাৰ সময় এইয়া।। দুৰ্যোধন আছে যদি ভীমো আছে আজি নপুসংকৰ বিৰূদ্ধে পুৰুষে লব অস্ত্ৰ তুলি..।। সৌজাক নপুসংক । বাৰে বাৰে ধৰ্ষিতা কৰে আমাক কলংকিত কৰে পুৰুষক। ওলাই আহ অ ভাই ভনী হঁত আজি আমি কৰিম সিহঁতক গণধৰ্ষণ।।

Leave a Reply

Your email address will not be published. Required fields are marked *