0 00 1 min 5 yrs 96
শেষ বুলিলেইটো সকলো শেষ নহয় !
হাজাৰ-হাজাৰ চেষ্টা কৰিলেওঁ নহয় ।
বৰঞ্চ, স্মৃতি নামৰ সেই মধুৰ ক্ষণবোৰে
বেছিকৈ আমনি কৰে ।
“স্মৃতি” শব্দটো শুনিবলৈ বহুতেই সৰু,
কিন্তু তাত যে কিমান বস্তু সামৰি
এখন সুন্দৰ এলবামত পৰিণত হয় ।
সেইবাবেই কওঁ, “স্মৃতিৰ এলবামখন কেতিয়াওঁ পুৰণি নহয় !”
বিষাদৰ মাজতো মুখত মিঠা হাঁহিকণ বিয়পাই
সেই স্মৃতিৰ এলবামখনেই ।
‘বিষাদ’ তুমিটো বিষতকৈওঁ কম নহয় ।
কিন্তু… তোমাতকৈ, মই বেছি শক্তিশালী ।
ঊহু.. হাৰ নামানো কেতিয়াওঁ তোমাৰ ওচৰত ।
তুমিনো মোৰ কি কৰিব পাৰিবা,
চকুহাল তিয়াই থৈ যোৱাৰ বাদে ?
ঠিক আছে বাৰু,
চকুহাল খুল খাই থকালৈ তাকেই কৰিবা !
কিন্তু… এদিনতো এইহাল বন্ধ হ’ব,
তেতিয়া বাৰু তুমি, মোক কি দৰে আমনি কৰিবা ?
সেইদিনা তুমি এনেওঁ
মোৰ ওচৰত হাৰ মানিবা ।
কাৰণ মই আগতেই কৈছিলো,
“তোমাতকৈ যে মই বেছি শক্তিশালী ।”

Leave a Reply

Your email address will not be published. Required fields are marked *