
শীতৰ এটি মিঠা সন্ধিয়া নলবাৰীৰ জপাৰকুছিস্থিত কবি নিবেদিতা হাজৰিকাৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰীৰ ৰামপুৰৰ সুৰজ চন্দনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত দুমহীয়া জেপ কাব্যালোচনী ‘বাঁহী’ৰ শাৰদীয় আৰু বসন্ত বিশেষ সংখ্যা দুটা উন্মোচন কৰা হয় |
কাব্যালোচনীখনৰ সংখ্যা দুটা উন্মোচন কৰে ক্ৰমে সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ আৰু বিশিষ্ট কবি হীৰেন্দ্ৰ কুমাৰ শৰ্মাই |
নলবাৰীৰ নৱপ্ৰজন্মৰ উদীয়মান কবি সুৰজ চন্দনৰ সম্পাদনাত নিয়মিতভাৱে প্ৰকাশ হৈ অাহিছে এই ব্যতিক্ৰম চিন্তাৰে সৃষ্ট জেপ আলোচনীখন ৷
বাঁহীৰ সম্পাদক সুৰজ চন্দনে আঁত ধৰা লগতে বিশিষ্ট কবি শান্তনু শৰ্মাই সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী আৰু কবিতা সন্ধিয়াটোত মুখ্য অতিথি হিচাপে আসন শুৱনি কৰে অসমৰ বিশিষ্ট কবি ড০ বিনয় কুমাৰ মজুমদাৰে |
কবিতা সন্ধিয়াটো কাব্যিক শব্দ মালাৰে সৌন্দৰ্য আনে বিশিষ্ট কবি দ্বীপ শালৈ , জিতেন্দ্ৰ কুমাৰ জৈন , অজিত ৰাজবংশী , মানস জ্যোতি শৰ্মা , কুলদীপ পাঠক , পাৰুল দেৱী গোস্বামী , তুপুল শৰ্মা , সুৰজিত পাঠক , ৰাজনীশ ভৰদ্বাজ , আৰু নিবেদিতা হাজৰিকাই |
অনুষ্ঠানত বাঁহীৰ শুভাকাংক্ষী ৰঞ্জিত শৰ্মা , পংকজ লোচন ডেকা , প্ৰীতিস্মিতা কলিতাই সভাখনত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ উপৰিও প্ৰায় কুৰি গৰাকী ন- পুৰণি কবি উপস্থিত থাকে ৷
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক