0 00 1 min 5 yrs 153
চৌদিশে এতিয়া প্ৰতিবাদৰ দাবানল ,অসমীয়া জাতিটো যেন বিলুপ্তিৰ পথত, উঠি পৰি লাগিছে সমগ্ৰ অসমীয়া জাতিটোৱে , এইয়া জাতি ভেটি ৰক্ষাৰ বাবে সংগ্ৰাম। শাসনত থকা বি জে পি দলটোৱে নিৰ্বাচনৰ পূৰ্বে কথা দিছিল যে শাসনলৈ আহিয়েই তেওঁলোকৰ  প্ৰথম কাম হ’ব বিদেশী তথা বাংলাদেশী বহিস্কাৰ কৰাটো। কিন্তু বৰ্তমান হৈ আছে কি , অসমীয়া জাতিটোৰ লগত চৰম প্ৰতাৰনা,এইয়া উচিত হোৱা নাই।সেয়েহে এই সংগ্ৰাম অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে। যোৱাকালি মোম্বাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই অসমীয়াক আশ্বাস দি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক খনে অসমীয়া জাতিৰ ওপৰত কোনো কু প্ৰভাব নেপেলাই অৰ্থাৎ তেওঁ পৰিবলৈ নিদিয়ে ।কিন্তু মন কৰিবলগীয়া কথা এই যে সেইজন মোদী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰৰ কথা কৈছিল। তেনেহ’লে অসমীয়াই আজি তেওঁৰ কথা কেনেকৈ মানি ল’ব । যিসকলৰ বাবে তেওঁলোক শাসনলৈ আহিছিল  আজি তেওঁলোকৰ আৰ্তনাদ নুশুনে কিয়? এইয়া এক ডাঙৰ প্ৰশ্ন ?
আনহাতে হাৰ্টথ্ৰব জুবিন গাৰ্গেও বিধেয়কখনৰ তীব্ৰ বিৰুধীতা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়ালৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰে। গোলাঘাটৰ সৰুপথাৰত অলপতে হৈ যোৱা এখন সংগীত অনুষ্ঠানত  বিধেয়ক খনৰ তীব্ৰ সমালোচনা কৰি কয় যে আৰু এসপ্তাহ চাও , ন’হলে উৎপাত কৰিম।
প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *