0 00 1 min 2 yrs 7

সেমেকে চঁ‌কুলোৰে সৈতে,

শৰতৰ এই সেমেকা নিশাত,
দুগালে তোমাৰ মৰম স্মৃতিৰ ঢল
নামি আহিছে সোণ;
উফফঃ বহুত কেইটা নিদ্ৰাহীন ৰাতিৰ অন্তত,
আকৌ তুমি অবিহনেই খিড়িকীৰ ফাঁ‌কেৰে,
সৌৱা…; বিষাদ, বিষাদসিক্ত জোনালীলৈ চাইছো সোণ;
তোমাক আকৌ বিচাৰি চাইছো সোণ !
অহহঃ মোৰ মনত আছে নহয়।
এনে এটি ৰাতিতেই আমাৰ ফুলশয্য নিশাত তুমি মোক কৈছিলা নহয়,
” জোনালী সৌৱা চুৱা, মই যদি কাহানীবা তোমাৰ কাষৰ পৰা আঁ‌তৰি যাওঁ‌, তেতিয়া সৌ জোনালীৰ দেশত মোক বিচাৰি চাবা, মই সদায়… থাকিম তাত, আনৰ বাবে নহলেও, তোমাৰ বাবে আমাৰ মৰমৰ বাবে”।
কিন্তু…;
কিন্তু, আজি তুমাৰ অভাৱ অনুভৱে মোক জুৰুলা কৰিছে সোণ;
বিষাদবিহীন ঠাই এগছিও বিচাৰি পোৱা কঠিন হৈ পৰিছে সোণ।
তোমি নাই বাবেই মোৰ মন বাগিছা, বিষাদ ফুলনি হৈছে,
বহুত প্ৰতিশ্ৰুতি আৰু এআকাশ বাস্তৱবিহীন সপোন মোৰ অবিহনেই আমাৰ সপোনক কিয় নিষ্ঠুৰ চিতা খনত জ্বলাই দিলা সোণ;
কিয় ?
কিয়, আজি তুমাৰ সকলো প্ৰতিশ্ৰুতি বোবা হ’ল ?
কিয় ? 
বিষাদৰ শিকলিৰে মোৰ শৰীৰ তেজাল কৰিলা সোণ ।
কিয়..? (!)
আজি অকলশৰে তুমিবিহীন পৃথিৱীত জীয়াই আছো।
মই জানো;
জানো সোণ,
তুমি নিষ্ঠুৰ, বহুত নিষ্ঠুৰ আছিলা।
কিন্তু…;
কিন্তু, মই আজিও তুমাক বিচাৰি চাও, এৰি অহা বুকুৰ উকা পৃষ্ঠা বোৰৰ ভাজত,
আকৌ…
আকৌ, কেতিয়াবা মাজ ৰাতি তিতি থকা গাৰুৰ উমাল কঁ‌পাহৰ উন্মাদ সাঁ‌হ বোৰৰ ভাজত তোমাক বিচাৰি বুকুৱে হাহাকাৰ কৰি উঠে সোণ।
উফফঃ
আজি চুন ৰাতিও বৰ গভীৰ হৈ পৰিছে।
আৰু…;
আৰু জিলিটোৱেও চুন বৰকৈ কান্দি আছে অ’ অবিৰত !
দূৰৈত শিয়ালিৰ ফেঁ‌কুৰনী যেন চিঞৰ !
আসঃ আজি চুন শৰীৰটো বিষাদ বোৰে বৰকৈ চেপি ধৰা যেন অনুভৱ হৈছে অ’ সোণ…;
আস;
সোণ; এবাৰ চাই যাবাহি মোক তুমি বিহীন পৃথিৱী খনত তোমাৰ অবিহনে কেনেদৰে বিষাদ আৰু চঁ‌কুলোৰে সৈতে যুঁ‌জি জীয়াই আছো।
আনৰ বাবে নহলেও আমাৰ মৰমৰ বাবে সোণ…!
           

Leave a Reply

Your email address will not be published. Required fields are marked *