0 00 1 min 6 yrs 181
পৃথিৱী খন অপাৰ মহিমাময় । ইয়াৰ চৌপাশে প্ৰতিটো মুহূৰ্ততে কিবা নহয় কিবা ঘটনা সংঘটিত হৈ থাকে । তাৰে কিছুমান বৈধ আৰু আন কিছুমান অবৈধ । কিছুমান পোহৰলৈ আহিছে আন কিছুমান সময়ৰ কালগ্ৰাহত হেৰাই গৈছে পোহৰলৈ নহাকৈয়ে ।
UK ৰ আটাইতকৈ কম বয়সীয়া মাতৃ ট্ৰেচ্চা মিডলটন ১২ বছৰ গৰ্ভৱতী অৰ্থাৎ মা হৈছিল তেওঁৰ সহোদৰ ককায়েকৰ দ্বাৰা । ঘটনাটো ঘটিছিল ২০০৬ চনত তেতিয়া তাইৰ বয়স মাঁথো বাৰ বছৰ আছিল । অৰ্থাৎ সমনীয়াৰ সৈতে খেলা-ধূলা তথা পঢ়া-শুনা কৰা সময় । সেই সময়ত ট্ৰেচ্চা মিডলটন নিজৰ ঘৰতে সুৰক্ষিত নাছিল । তেওঁৰ মাতৃ ট্ৰেচী টেলন এলকোহল আৰু ড্ৰাগচ আসক্ত আছিল । তাইৰ যত্ন লবলৈ কোনো নাছিল । নৰপিশাচ ককায়েকে ৭ বছৰ বয়সতেই তাইৰ ওপৰত যৌন উৎপীড়ন চলাবলৈ আৰম্ভ কৰিছিল ।
তাৰ ঠিক ৫ বছৰ পাছত সেই পিশাচটোৱে কৰা ধৰ্ষণৰ ফলত তাই গৰ্ভৱতী হৈছিল । আনহাতে সন্তানটো জন্ম দিয়া পাছতেই বেলেগৰদ্বাৰা Adopt কৰা হ’ব বুলি তাইৰ হাতৰ পৰা কাঢ়ি নিয়া হৈছিল ।

(ANJAN)

Leave a Reply

Your email address will not be published. Required fields are marked *