0 00 1 min 5 yrs 156

বিবাহিত পুৰুষে আন মহিলাৰ সৈতে  শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো অবৈধ তথা অপৰাধ নহয় এতিয়াৰপৰা । উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় অনুযায়ী বিবাহিত পুৰুষে নিজৰ পত্নীৰ ওপৰিও আন কোনো মহিলাৰ সৈতে সম্পৰ্ক কৰিলে এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য কৰা নহ’ব।প্ৰয়োজন মাথো পাৰস্পৰিক বুজাবুজিৰ । আগৰ ১৫০ বছৰীয়া আইনখনক পুৰুষ আৰু মহিলাৰ মাজত বিভেদ সৃষ্টিকাৰী আখ্যা দিয়াৰ লগতে আইন খনক অসাংবিধানিক আখ্যা দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে। লগতে এই কথা প্ৰকাশ কৰিলে যে চাইনা, যাপান, অষ্ট্ৰেলীয়া আৰু য়োৰুপৰ দৰে দেশত বিবাহ বহিৰ্ভূত শাৰীৰিক সম্পৰ্কক অপৰাধ হিচাপে গন্য কৰা নহয়।পূৰ্বৰ IPCৰ ৪৯৭ ধাৰা মহিলাৰ সন্মানৰ বিৰুদ্ধে বুলি ৰায় দিয়ে ন্যায়ালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *