দিল্লীত উদ্ধাৰ কৰা এগৰাকী কিশোৰীক আজি দিল্লী পুলিছ আৰু মাই হম,ইণ্ডিয়াৰ কৰ্মকৰ্তাই বোকাখাতত পৰিয়ালক গটাই দিয়ে ৷ ভিনীহিয়েকে কাম কৰিবলৈ নি কিশোৰীজনীক বিক্ৰী কৰিছিল দিল্লীৰ নয়দাত ৷
পিতৃ- মাতৃহীন এই কিশোৰীজনীৰ ঘৰ বোকাখাতৰ বৰটিকাত ৷ প্ৰায় ৮ মাহ পূৰ্বে কিশোৰীজনীক সম্পৰ্কীয় ভিনীহিয়েকে গুৱাহাটীত নিজা ঘৰত কাম কৰিবৰ বাবে লৈ যায় ৷ গুৱাহাটীত এমাহ থকাৰ পাছত তাইক ভিনীহিয়েকে এজন লৰাৰ লগত দিল্লীলৈ প্ৰেৰণ কৰে ৷ লৰাজনে দিল্লীৰ নয়দাৰ এজনলোকৰ ঘৰত কিশোৰীজনীক থৈ অন্তধান হয় ৷এমাহ দিল্লীৰ লোকজনৰ ঘৰত কাম কৰাৰ পাছত কিশোৰীজনী শাৰিৰীক- মানসিক নিৰ্যাতনৰ বলী হয় ৷ বহুবাৰ পলাবলৈ যত্ন কৰিও পলাব নোৱাৰি বেছি নিৰ্যাতনৰ বলী হয় ৷
এদিন সুবিধা বুজি পলাই আহি এক্সপ্ৰেছ থানাৰ কৰ্তব্যৰত মহিলা কনিষ্টবল ছোনিয়াৰ কাষ চাপে ৷ কনিষ্টবল গৰাকীয়ে কিশোৰীজনীক থানাক জড়িয়তে মাই হম,ইণ্ডিয়া নামৰ বে-চৰকাৰী সংস্থাটোক অৰ্পন কৰে ।সংস্থাটোৰ আশ্ৰয়ত ৬ মাহ থকাৰ পাছত তেওঁলোকে কিশোৰীজনীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আজি মহিলা কনিষ্টবল ছোনীয়া,মাই হম,ইণ্ডিয়াৰ কৰ্মকৰ্তাই কিশোৰীজনীক বোকাখাত আৰক্ষীৰ জড়িয়তে পৰিয়ালক অৰ্পন কৰে
অন্যহাতে বোকাখাতৰ খতিয়াখলিৰ এগৰাকী কিশোৰীক দেহ ব্যৱসায়ীয়ে দিল্লীত পলুৱাই ৰাখিছে ৷ বোকাখাত আৰক্ষীৰ এটা দল কিশোৰীজনীক উদ্ধাৰৰ বাবে দিল্লীত বাহৰ পাতিছে যদিও বৰ্তমানো উদ্ধাৰ কৰিব পৰা নাই ৷৷

পপী শইকীয়া
বোকাখাত।
বোকাখাত।