
নিমাতীঘাটৰ দুৰ্ঘটনাৰ পাছত বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বৰঘোলা-কাহিবাৰী পাৰঘাটত বিপদসংকুলভাৱে পাৰাপাৰ হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী। স্বাধীনতাৰ পিছৰ পৰাই প্ৰায় লক্ষাধিক লোকে এইদৰে ভূটভূটী নাওঁৰে বিপদসংকুলভাৱে পাৰাপাৰ হৈ আছে । কিবা কাৰনত দুৰ্ঘটনা সংঘটিত হলে কোনোধৰনৰ সুৰক্ষাৰ ব্যৱস্থা নাই। লেছীয়ে পাৰাপাৰ কৰাত অত্যাধিক ভাড়া লোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ২০১৮ চনত প্ৰায় ৪১ কোটিটকীয়া দলংৰ কাম সম্পূৰ্ণ হয় যদিও আইনদীৰ গৰাখহনীয়া পূৱফালে আৰম্ভ হোৱাত দলংখন নদীৰ মাজভাগত পৰে ।প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ লগতে পূৱফালে কেইজনমান লোকে মাটি এৰি নিদিয়াত ভালুকৰ চাঙীত পৰিণত হৈছে ৪১ কোটিটকীয়া দলংখন। সেয়ে শীঘ্ৰে পূৱফালে ৰাস্তা নিৰ্মাণ কৰি বিপদসংকুল যাত্ৰাৰ পৰা ৰক্ষা নকৰিলে পুনৰ নিমাতী ঘাটৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে বুলি দুখ প্ৰকাশ কৰে ৰাইজে ।সংবাদ দাতাঃ আব্দুল কৰিম ।