0 00 1 min 6 yrs 131

আকাশখন কলীয়া ডাৱৰে আৱৰি ৰাখিছিল ।
চিপচিপীয়া বৰষুণ । নিশা প্ৰায় এক বাজিছিল তেতিয়া ।  নিদ্ৰামগ্ন পৃথিৱী । ঘৰৰ মজিয়াত ৰক্তাক্ত অবস্থাত পৰি আছিল কণ্ঠশিল্পী পৰেশ আকাশ । কপালৰপৰা তেজ নিগৰি আহিছিল । এতিয়া প্ৰশ্ন হ’ল কণ্ঠশিল্পীজনৰ এই অবস্থা কেনেকৈ হ’বলৈ পালে ? কোনোবাই হত্যাৰ প্ৰচেষ্টা চলাইছিল নেকি কণ্ঠশিল্পীজনৰ? নে তেওঁ আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল? এই ক্ষেত্ৰত সকলো নিৰুত্তৰ। “ধনী ঘৰৰ জীয়ৰী ” আকাশৰ বুকুতে, প্ৰিয়া আদি গীতৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা পৰেশ আকাশ বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত চিকিৎসাধীন হৈ আছে ।
কণ্ঠশিল্পীজনৰ বন্ধুৰ পৰা জানিব পৰা মতে তেওঁ হেনো আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল যদি সঁঁচাকৈয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল তেন্তে কোনে আৰু কিয় বাধ্য কৰিছিল সেয়া সময়ত হে জানিব পৰা যাব । 

অনিতা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *