0 00 1 min 3 yrs 207

 তোমাৰ হৃদয়ৰ কোঠালীত হয়তো আজি

         মোৰ নাম নিষিদ্ধ অনুভৱ কৰিলো 
     সেই বাবেই চাগে দূৰে দূৰে ৰোৱা 
          বহু দূৰলৈ আঁতৰি যোৱা ;
    তথাপিতো মন মোৰ যে কিয় তোমাৰ 
       মৰমৰ আবেশত আবদ্ধ  ।
   জুমি জুমি চাওঁ জানোচা দেখা পাওঁ
       সচাকৈ হয়নে বাৰু তুমি ইমান কঠোৰ 
    তোমাৰ এষাৰি মাত শুনিবলৈ 
       পামনে কেতিয়াবা নয়ন জুৰাই চাবলৈ
   এতিয়া এনে লাগিছে হয়তো মই
      হেৰাই যাম সকলো সামৰি 
    নিচিহ্ন হম এই পৃথিবীৰ মায়াৰ 
       সকলো বান্ধোন ত্যাগি —–
    নীৰৱে আঁতৰি যাম নকৰো 
       কেতিয়াও আমনি কোনোদিনে
থাকিম তুমি ঢুকি নোপোৱা মোৰ 
   সকলো আপোন জনৰ মৰমক নেওঁচি
পৃথিবীৰ সিপাৰৰ পৰিধীৰ সিটোপাৰে
     বুজিলো নেদেখো কেতিয়াও কোনোদিনে 
 তোমাৰ আকুলতাৰে সনা সেই মুখখনি 
     তথাপিতো কিয় বাৰু ভাঁহি উঠে
সেই সপোনটি মোৰ দুচকুত ;
    আবদ্ধ এতিয়া তুমি মোৰ বুকুৰ মাজত
       কিয় বাৰু কিয়  ;অনৰ্থক মাথো এতিয়া এই অনুভৱতি মোৰ সন্মুখত কিয় ?
      পুতুলী বেজবৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *