0 00 1 min 4 yrs 75
স-ৰাজনৈতিক
     
       নিৰ্বাচনৰ বতৰ ।কেউফালে প্ৰতিশ্ৰুতি আৰু অলিক সপোন দেখুওৱাৰ বতাহ আৰু এই বতাহে যেনেকৈ কোবাইছে বট ,ইউকেলিপ্টাচ  চুই গৈছে মোক -দুবৰিকো ।আৰু তাৰেই ফচল এই অকথ্য ••••
              স্বাধীনতাৰ পিছৰ সময় ! পৃথিৱীৰ মানচিত্ৰত নতুন ছবি পাকিস্তান ।নতুন সপোন নতুন উৎসাহেৰে ভৰপুৰ নিজৰ পাঁ‌চখন প্ৰদেশ পশ্চিম পাঞ্জাৱ,সিন্ধ,খাইবাৰ পাখতুনখ্বা,বেলুচিস্তান আৰু পূববংগকলৈ গৌৰৱান্ধ পাকিস্থান!
           দুই জাতি সূত্ৰই দুভাগকৰা ভাৰতীয় উপমহাদেশৰ এই দেশখনৰ ধৰ্মান্ধ আৰু অদুৰদৰ্শী শাসক সকলে আৰম্ভ কৰিলে এক জাতিসূত্ৰ!আৰু তাকে কৰিবলৈ গৈ পাঁ‌চোখন প্ৰদেশৰ নিজ নিজ ভাষাৰ ওপৰত চৰকাৰী ভাষা হিচাপে জাপি দিলে উৰ্দূ ভাষা !স্কুল -কাচাৰীৰ পৰা অপসাৰিত কৰা প্ৰদেশ অনুযায়ী ক্ৰমে পঞ্জাবী,সিন্ধি,পাখটুন,বেলুচি আৰু বাংলা ভাষা! লগতে আমদানি কৰা হ’ল সাতাপুৰুষীয়া সংস্কৃতিৰ ঠাইত আৰবীয় সংস্কৃতি ।সলাই পেলোৱা হ’ল পাঠ্যপুথিৰ ইতিহাস !পতিয়ন নিয়াবলৈ চেষ্টা কৰা হ’ল পাকিস্তানী সকল ভাৰতীয় নহয় আৰবীয় মুলৰহে ! উভালি পেলাবলৈ চেষ্টা কৰা হ’ল তেওঁ‌লোকৰ শিপা!দঃখৰ আৰু দুৰ্ভাগ্যৰ কথা তেওঁ‌লোকে নিজ মাতৃভাষা কবলৈ লাজ কৰিব ল’লে ,ঊৰ্দূ নক’লে যদি তেওঁ‌লোকক অশিক্ষিত বুৰ্বক বুলি ভাৱে সেই লাজে গ্ৰাস কৰি পেলাইছে আৰু তাৰ ফলশ্ৰুতিত সেই সেই ভাষা কোৱা মানুহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাব ধৰিছে !এনেকৈয়ে পৃথিৱীৰ কিমান ভাষা-সংস্কৃতি আৰু জাতি বিলুপ হৈ গৈছে তাৰ হিচাপ নাই !
            ভোক আৰু পিয়াহৰ বাবে গন-বিপ্লব পৃথিৱীৰ ইতিহাসত বিৰল! সাধাৰণ জনতা তেতিয়াই ৰাজপথলৈ ওলাই আহিছে যেতিয়াই শাসকগোষ্ঠীয়ে ভাষা -সংস্কৃতি আৰু আত্মসন্মানত আঘাত হানিবলৈ চেষ্টা কৰিছে ! পাকিস্তানতো সেইয়াই ঘটিল ।জাত্যাভিমানী বঙালী সকল জাগি উঠিল আৰু পিছৰ খিনি ইতিহাস ! সিমানতে শেষ হোৱাহেঁ‌তেন ভালেই আছিল কিন্তু কিছুমান ভুলে কেইবা পুৰুষলৈ পাছ নেৰে! পাকিস্তানৰো দশা সেই একেই হ’ল!এতিয়া বেলুচিস্তান স্বাধীনতাৰ দুৱাৰদলিত ! জ্বলিছে সিন্ধ,জাগিছে খাইবাৰ পাখতুনখ্বা।
          এটা মাথো দুঃস্বপ্নৰ পম খেদি আজি পাকিস্থান নিজে শান্তিত আছে না গোটেই বিশ্বখনক শান্তিত থাকিব দিছে ।সেই দুঃস্বপ্ন কি আছিল ,ধৰ্মৰ নামত এটা জাতি গঠন কৰাৰ বলিয়ালিত পাঁ‌চটা ভিন্ন ভাষা-সংস্কৃতি আৰু পৰম্পৰা সম্পন্ন  জাতিক ভাৰতীয় বংশোদ্ভৱ নহয় বুলি বিদেশী সংস্কৃতি বলপূৰ্বক জাপি দি নিজ পৰিচয় ধুলিসাৎ কৰি দি এক বৃহত্তৰ ইচলামিক পাকিস্তানি জাতি গঠন কৰাৰ দুঃস্বপ্ন !সকলোতকৈ ডাঙৰ কথা আছিল সেই পাঁ‌চোখন প্ৰদেশৰ কোনোটো জনগোষ্ঠীৰে মাতৃভাষা ঊৰ্দূ নাছিল!মাথো চেগোচোৰোকাকৈ বিভিন্ন ঊৰ্দূ কোৱা হৈছিল! এইখিনিতে কৈ থোৱা ভাল যে ঊৰ্দূ ভাৰততে জন্ম হোৱা ভাষা!যি আৰবী ৩০% আৰু সংস্কৃতৰ৭০% শব্দৰে গঠিত !কেৱল লিপি ৱ্যৱহাৰ কৰা হয় আৰৱী আৰু ইয়াক মুলতঃ কোৱা হৈছিল বৰ্তমানৰ উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি ভাৰতৰ মধ্য-পূব অংশত!
           এতিয়া কথা হ’ল ,এই কথাখিনি কলো কিয় ?এই নিৰ্বাচনী বতৰৰ লগত ইয়াৰ সম্পৰ্ক কি ? যোৱা পাঁ‌চটা বছৰত আমাৰ ভাৰতৰ বাতাবৰণ লক্ষ্য কৰিলে ইয়াৰ সম্পৰ্কটো ওলাই পৰিব !আচলতে দুটামান প্ৰশ্নইহে এই প্ৰশ্নটিৰ উত্তৰ –    
        কেনেবাকৈ আমাৰ ভাৰতবৰ্ষখনো পাকিস্তান হোৱাৰ দিশে আগবঢ়া নাইতো ? যি খন দেশত প্ৰতি এশ কিলোমিটাৰ দুৰত্বত ভাষা-সংস্কৃতি পিন্ধন-উৰন, খাদ্যাভাষ সলনি হৈ যায় সেইখন দেশত পাকিস্তানৰ দৰে এক জাতিসূত্ৰ প্ৰয়োগৰ ষড়যন্ত্ৰ কৰা হোৱা নাইতো,যাৰ প্ৰভাৱৰ নিকৃষ্ট উদাহৰণ পাকিস্তান যি বিশ্বৰ শৰীৰত এটুকুৰা গেঠেলা মৰা ঘাঁ‌ !
         চিন্তা আমাৰ। এই নিৰ্বাচনী বতৰত প্ৰতিশ্ৰুতিৰ বতাহত উৰুৱাই দিয়া ফাকুগুৰিয়ে আমাৰ চকুও ৰঙীন চাদৰে ঢকাৰ দৰে ঢাকি দুৰদৃষ্টি নোহোৱা কৰি নেপেলায়তো? তাৰ প্ৰতি সকলোকে সজাগ কৰি তোলাৰ ক্ষেত্ৰত সচেতন নাগৰিক হিচাপে আমাৰ কৰণীয় নাই জানো  আৰু এই নিৰ্বাচনী বতৰেই হয়তো সেইয়া কৰাৰ উচিত সময়নে ?তাকে নকৰিলে উত্তৰপুৰুষে আমাক ক্ষমা কৰিবনে ?
                      copied

Leave a Reply

Your email address will not be published. Required fields are marked *