0 00 1 min 4 yrs 175

এন্ধাৰে চুই যোৱা এটি নিৰৱ সন্ধ্যা, 

অচীনজনৰ ঠিকনাৰ সন্ধান…… 
স্বপ্ন বিলাসী দুচকুত প্ৰতিচ্ছবি জিলিকে
হেঁপাহৰ বালিঘৰৰ। 
কোমল এছাটি বা য়ে চুই যায় সমগ্ৰতাক। 
শূন্য হৈ যায় নিজস্বতা, 
ৰুদ্ধ হৈ যায় সময়। 
বঞ্চিত সপোনে কাৰুণ্যতাৰ গীত জুৰে। 
থমকি ৰয় দুভৰি
নিৰ্জনতাত কোলাহল বিচাৰি…. 
শব্দৰ জঠৰতাই বৰ কষ্ট দিয়ে। 
নিশাৰ আন্ধাৰত আৱেগে উচুপে। 
বুকুৰ সেউজীয়া ক্ৰমশঃ ধূসৰ হয়! 
হেৰাই যাব খোজে আবেলিৰ ৰং
কিন্তু….. 
অপেক্ষাৰ আমেজো যে সুকীয়া।… 
সাগৰ হ’বৰ মন যায়, তুমি যে নৈ হৈ বোৱা! 
নীলাভ জলৰাশিক সামৰি থ’বৰ মন যায়, 
গোপন হিয়াৰ সুৰুকীয়া পথত…. 
তুমি আহা আৰু মই বাট চাঁও 
সপোনৰ ধুনীয়া কাৰেঙত বাজি উঠে-
ভালপোৱা গীতৰ সুৰ। 
গীতবোৰ গীত হৈয়ে থাকক দিয়া
কথা হৈ নিগৰিব নেলাগে। 
আমাৰ মাজতে বিলীন হওক দিয়া, 
কোনেও নজনাকে… 
আমাৰেই সাক্ষী হৈ।……….. 
নাম: চিৰঞ্জীতা বৰা
শিক্ষানুষ্ঠান: কটন বিশ্ববিদ্যালয়
ঠিকনা- জামুগুৰিহাট, শোণিতপুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *