0 00 1 min 5 yrs 207

নিশাশ্ৰী ৰজক, অসম বিশ্ববিদ্যালয়

তোমালৈ একলম
       কুশলে আছানে? আজি কিনকিনিয়া বৰষুণজাকে তোমালৈ বৰকৈ মনত পেলাই দিছে মোক ৷ তুমিযে বৰষুণ ভালপোৱা আৰু মই বৰষুণৰ গচকি আৰু তিতি ভালপাও!
গছৰ ডালত ন-কুঁহিপাত  ওলাইছে! পদূলি মুখত থকা আমজোপাত কুলি জনী যে ইমানকৈ বিনাইছে! ব’হাগ অহাৰ বাতৰি দিছে!
জানা, মোৰ যে তোমালৈ ইমান মনত পৰিছে!
দিনটোৰ ব্যস্ততাত তুমি চাগে আহৰিয়ে নোপোৱা মোৰ কথা ভাবিবলৈ। মন যায় জানা কেতিয়াবা বৰষুণ হৈ, কেতিয়াবা একেবাৰেই বৰদৈচিলা হৈ গুছি যাম যেন তোমাৰ কাষলৈ আৰু তোমাৰ কোলাত মুৰ গুজি শুনিম যেন শত বসন্তৰ সাঁচি থোৱা গীত । ক’ত সাধনাৰ প্ৰাপ্তি তুমি মোৰ জীৱনৰ ৷ আৰু কি লাগিছে মোক?
মই এতিয়া এটি সুখী চৰাই!
তোমাৰ ভালপোৱাৰে মোৰ হৃদয় জুৰাই…
তুমি অহালৈ বাট চাই ৰম ভালপাওঁ তোমাক ❤❤
                     তোমাৰ
                         “মৌ”

Leave a Reply

Your email address will not be published. Required fields are marked *