0 00 5 yrs 190

কিয় এনেকুৱা হয় ;
ওঠত হাঁহি আৰু
বুকুত কিয় বিৰহৰ নৈ কিয় বয় ,
এয়াই নেকি প্ৰেম
তেওঁৱেই  আহি বুকুত আঘাত হানি যায় ;
তথাপি এই হৃদয়ে ঘুৰি ঘুৰি
তেওঁৰ বুকুতেই যে সুখ বিচাৰি যাই ।

                   ( 2)
মোৰ পৰা তোমাৰ হৃদয়লৈ
কিমান যোজনৰ বাট !!?,
উশাহবোৰেতো জানে
নিস্বাসে নিস্বাসে নিগৰা তুমি
হৃদয়ৰ পৰা হৃদয়লৈ অহা যোৱাৰ
এটাই হে যে বাট ।
             ( 3 )
    তেওঁৰ হৃদয়ৰ বাটটোনো কেনি,
কেনা লাগিল হৃদয়ৰ বাটত কিয় আজি ;
কোন বাটেদি ঘৃনাই বাৰু
উভটাই মোৰ প্ৰেমৰ নদী !
মইতো মৰম হৈয়ে বৈছিলো
বাটতে যে আছিল বিৰহ বিচ্ছেদে বাট ভেটি ।
তেওঁৰ হৃদয়ৰ বাটটো নো কেনি …!!????
নীহাৰিকা ৰাজনন্দিনী
দেৰগাওঁ
8638520171

Leave a Reply

Your email address will not be published. Required fields are marked *