0 00 4 yrs 168

ব্দবোৰ আজি হেৰাল

নিস্তব্ধ হৈ পৰি ৰৈছে
সপোন সপোন লগা
তাহানিৰ শব্দবোৰো
যান্ত্ৰিকতাৰ কোৰাল গ্ৰাসে
গুজি দিছে শব্দহীন নিষ্ঠুৰ সময়
নাই আপোন বুলিবলৈ কোনো নাই
হুমুনিয়াহবোৰো দেখোন
কলিজা কঁপাই ওলাই
বিষ এটাইও খুচি বিন্ধি ধৰে
বন্ধ কুঠৰীত
মাজুলীৰ খহনীয়া ৰূপ লৈ
খহি যায়  সম্বন্ধবোৰ
বুকু ভেদি ওলাই
একোটা জাৰজ চিন্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *