0 00 1 min 4 yrs 234
নৱপ্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী সকলৰ ভিতৰত এজন উল্লেখযোগ্য হ’ল উজ্জ্বল জীৱন । সৰুৰেপৰাই সংগীতৰ চৰ্চা কৰি অহা মাজুলীৰ সন্তান উজ্জ্বল এক সু-কণ্ঠৰ অধিকাৰী বুলিব পাৰি । এতিয়ালৈকে বহুতো অসমীয়া গীতত কণ্ঠদান কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিয়া নৱপ্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পীজনে সমান্তৰালকৈ গীত লিখা আৰু সুৰ কৰাতো মনোনিবেশ কৰি আহিছে।
তেওঁ কণ্ঠদান কৰা কিছুমান উল্লেখযোগ্য গীত হ’ল “মাজুলীৰ গাভৰু”, ধুনীয়া-ধুনীয়া “, “নহয় মই জুবিন নহয় মই চলমান”, “ডিস্কৌ বিহু “, “লাহৰী “, “অসমী আই ” ইত্যাদি । তেওঁৰ “অসমী আই ” গীতটোত নিভাঁজ দেশপ্ৰেম তথা অসমৰ জাতি-মাতিৰ গুণ সন্নিবিষ্ট । তেওঁৰ এই যাত্ৰা আগলেয়ো অটুট থাকক তাৰে কামনা কৰিছোঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *