0 00 1 min 4 yrs 197
দেউতাক ঢুকুৱাৰ পিছৰে  পৰা পাহিয়ে মাকক মন কৰিছে ৷ মাকৰ জীৱনৰ সমস্ত ৰং যে দেউতাৰ চিতাত সপি দিলে ৷ তাঁহাতৰ ঘৰৰ সমুখতে এখন বহল পথাৰ ৷ পথাৰখন মাজভাগত এজোপা আঁহত গছ ৷ খেতিয়কৰ বাবে । ৰ’দ বৰষুণৰ আশ্ৰয়ৰ স্থল ৷ এদিন সন্ধ্যা আগচোতালত বহি থাকোঁতে পাহিয়ে মাকক সুধিলে ! মা, সৌ গছজোপা যে অকলে অকলে পথাৰৰ মাজত থাকে , তাৰ চাগে মনত বৰ দুখ লগ সংগ বুলিবলৈ কাষত আন এজোপাৰো গছ নাই ৷
মাকে ক’লে কিয় চৰাইবোৰ তাৰ সংগী নহয় নেকি ! হয় কিন্তু যদি চৰাইতকৈ আন এজোপা গছ থকা হ’লে গছজোপাৰ সংগী হৈ তেনেহলে বেছি সুখী হ’লহেতেন ৷ পাহি , গছক সুখী হ’বলৈ গছ নালাগে ৷ গছবোৰ সুখী হয় পখীৰ গীতত আৰু বতাহে বজোৱা কেঁচা পাতৰ বেহেলা সুৰত ৷ অলপ সময় পাহিয়ে মাকৰ  কোৱা কথাবোৰ ভাবি মাকক  সুধিলে মা, তেন্তে মানুহবোৰে সেইবোৰক লৈ কিয় সুখী নহয় ৷ পাৰিব , যদি মানুহে অনুভৱৰ আকাশখন আৰু আৱেগক দমন কৰিব পাৰিলে মানুহেও প্ৰকৃতিক লৈ সুখী হ’ব পাৰিব ৷
নোৱাৰে নোৱাৰে মা, পাহি তুমি ইমান দৃঢ়ভাবে নোৱাৰে বুলি কৈছা  মোক কোৱাচোন প্ৰমাণ ? তুমি মোৰ মা দেউতাৰ ঢুকুৱা দিনৰ পৰা প্ৰতিটো ৰাতি তুমি নিজকে বৰষুণ কৰি ভালপোৱা ৷ মা, সেই বিষাদৰ বৰষুণত তোমাৰ সমস্ত উতাই দিলা ৷
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *