0 00 1 min 3 yrs 143

লিজাৰ মাজৰ স্পন্দন

ঢাকি ৰাখে এখন ৰঙা আভৰণে
কলিজাৰ বিপনী নাথাকে লিৰিকি চাবলৈ
মঙহৰ দোকানত কেৱে কিনে মঙহ
কেৱে কিনে কলিজা
বজাৰত ভিৰ হয়
কলিজা খোৱা মানুহৰ
আঁকিব পাৰি কলিজাৰ স্কেচ্‌
চতিয়াব পাৰি তাত ৰং
কিন্তু , ৰঙেৰে পেট নভৰে
কলিজা খোৱা মানুহৰ
কায়া আৰু কলিজা
বাহিৰ-ভিতৰ
এটাক ধৰিলে বাদ পৰে অন্যটো ৷
পপী শইকীয়া

Leave a Reply

Your email address will not be published.