0 00 1 min 5 yrs 112

  জনক নন্দিনীক বিচাৰি
মই হনুমন্ত হৈ চাই আহিলো লংকা ,
সীতাৰ বাবে সজোৱা সোনৰ পালেং , আকাশীৰথ — ৷

সোনৰ হৰিণৰ প্ৰেমত বাউলী সীতা ,
ৰাৱণ মতলীয়া সীতাৰ প্ৰেমত ৷
ৰামৰ প্ৰেমত  শূপনখা
হিচাপৰ যোগ অংকত কোন কিমানৰ !
সোনৰ লংকাই জানো
সীতাক মোহিব পাৰে !
মায়াৰ ভেলেকীয়ে জানো
ৰামক মোহিব পাৰিলে !
নল-নীলক সাৰথি কৰি
সাঁজি ল’লো প্ৰেমৰ লংকা সেতু
যাক আৰোহন কৰি ৰামে
লাভ কৰিছিল প্ৰেম নন্দিনী সীতাক ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *